পৃষ্ঠা:হত্যাকাৰী কোন.pdf/৫৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪
হত্যাকাৰী কোন?

গৈ খোটালীটোৰ একাষে খিৰিকিত কাণ দি থাকিল। এনেকৈ থাকোতেই এবাৰ শ্যামচাঁদে কোৱা শুনিলে,—“শুনিছা সভাৰাম, এনেকৈ বাকী নাৰাখিবা। অহা বাৰলৈ নগদ দামৰ উপৰিও বাকী টকা শ আনিলেহে কানি পাবা৷ ”

 তাৰ পাচত মানুহজনে কোৱা শুনিলে —“আগেয়ে জানো কেতিয়াবা বাকী ৰাখিছিলোঁ! এইবাৰ লৰাটোৰ নৰিয়াত বহুত খৰচ হ’ল। সেইহে গোটাব নোৱাৰিলোঁ। অহাবাৰলৈ নিশ্চয় পাব।”

 বিজয়ে আৰু বাট নাচালে। তেতিয়াই আহি নিজৰ খোটালীত সোমাই খিৰকিয়ে দি জুমি থাকিল। অলপ পিচতেই মানুহজন ওলাই গ’ল। দুৱাৰ বন্ধ হ’ল। বিজয়ে জোনৰ পোহৰত যিমান দূৰ পাৰে মানুহটোৰ চেহেৰাটো চাই ল’লে আৰু নোট বুকত কিবাকিবি টুকি ৰাখিলে।