পৃষ্ঠা:হত্যাকাৰী কোন.pdf/৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
হত্যাকাৰী কোন?

⸺:○:⸺

প্ৰথম অধ্যায়

 “ঔ মাৰিলে ঔ! কাটিলে ঔ! কোন আছা বেগাই আহাহঁক ঔ!”

 নগৰৰ পৰা দহ মাইলমান দূৰৈত হালধিবাৰী গাওঁ। গাওঁখনৰ দক্ষিণে নৰ্থ ট্ৰাঙ্ক ৰ'ড। সেই আলিৰ পৰা লম্বভাবে এটা লোকেল বোৰ্ডৰ আলি গাওঁখনৰ সোঁ মাজে দি গৈ উত্তৰফালে থকা গড় কাপ্তানী আলিত লাগিছে। আলিটোৰ দুয়ো কাষে মানুহৰ ঘৰ-বাৰী। ট্ৰাঙ্ক ৰ'ড আৰু এই আলিটোৰ জোৰাতে আলিটোৰ পূব ফালে মিনাই কেওটৰ ঘৰ। ওপৰত কোৱা চিঞৰটো সেই ঘৰৰ পৰাই ওলাইছে। তেতিয়া ৰাতি তিনি পৰীয়া; শুক্ল পক্ষৰ অষ্টমীৰ জোন বহুতো আগতে পৰিল। সেই কাৰণে আন্ধাৰৰ প্ৰভাব তেতিয়া সম্পূৰ্ণৰূপে আছিল।

 চিঞৰ শুনি ওচৰ-চুবুৰীয়া মানুহ দুই এজন লৰি আহিল। মিনাইৰ ঘৈণীয়েক প্ৰেমলতা তেতিয়া চোতালত বাগৰি চিঞৰি আছিল। মানুহবিলাকে প্ৰথমে ভাবিছিল,—মিনায়ে কিবা