পৃষ্ঠা:হত্যাকাৰী কোন.pdf/৩৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
হত্যাকাৰী কোন?

পৰা তেনে ভাবেই তুলি অনা যায়। অকল এয়েই নহয়, চোতালৰ মাটি ৰঙা, কিন্তু খোজটোৰ মাটি ক’লা। ইয়াৰ পৰা মই এই সিদ্ধান্ত কৰিছো যে এই হত্যাৰ আয়োজন বহুতদিন আগৰে পৰা চলিছে আৰু অকল মিনাইৰ লগত নহয় তোলনৰ লগতো হত্যাকাৰীৰ শত্ৰুতা আছে। হত্যাকাৰীয়ে আগতে ক’ৰবাত বোকাত ৰৈ যোৱা তোলনৰ খোজ এটাৰ চিন ৰাখি শুকালত সাৱধানে খানি আনি থৈ দিয়ে আৰু সেইদিনা প্ৰকাশ্যে তোলনক হাতত দা লৈ ওলাই যোৱা দেখি তেওঁৰ হত্যাকাণ্ড সমাধা কৰে। তাৰ পাচত খোজটো আনি গাত খানি মিনাইৰ চোতালত বহুৱাই থয়। তোলনে নিজে হত্যা কৰি ধৰা দিবৰ মনেৰে এনেকৈ নিজৰ খোজ যে চোতালত পুতি থৈ যোৱা নাই ই ধুৰুপ।

 এই কাৰ্য্যয়েই প্ৰেমলতাৰ সহযোগিতাও সমৰ্থন কৰে। হত্যাকাৰীয়ে হত্যা কৰিবলৈ আহি চোতালত খোজ পোতা, গাতৰ মাটি আঁতৰাই পেলাই চিন মৰা, আৰু পানী দি চোতালৰ লগত খোজটো মিলোৱা ইমানবোৰ কাম আগতে কৰিবলৈ নিশ্চয় সাহ কৰা নাই। মোৰ বিশ্বাস হত্যাৰ পাচতহে এইবোৰ কৰিছে। প্ৰেমলতাৰ কথাৰ পৰা বুজা যায় তেওঁ দুৱাৰত শব্দ শুনি ওলাই আহিছিল। যদি সেয়ে হয় নিশ্চয় তেওঁ এইবোৰৰ অলপ নহয় অলপ গম পাইছে। তেওঁ পোনপটিয়ে সাহায্য নকৰিবও পাৰে , কিন্তু আওপাকে দি সাহায্য কৰিছে বুলি মোৰ দৃঢ় ধাৰণা।