পৃষ্ঠা:হত্যাকাৰী কোন.pdf/৩৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
হত্যাকাৰী কোন?

তোলনক গ্ৰেপ্তাৰ কৰাৰ বাহিৰে উপায় নাই। কিন্তু আদালতত তাক দোষী সাব্যস্ত কৰাৰ জোখাৰে এতিয়াও প্ৰমাণ সংগ্ৰহ হোৱা নাই।”

 দাৰোগা।— সেই বিষয়ে অনুসন্ধান চলিয়েই আছে আৰু সেই কাৰণেই ফাইনেল নিপোৰ্ট দিব পৰা নাই।

 পু, চা।— বাৰু এতিয়া যাওক, কিন্তু সোনকালে তদন্ত শেষ কৰিবলৈ যত্ন কৰক। "

 দাৰোগা গ’লত পুলিচ চাহাবে চোৰাংচোৱা বিভাগৰ দাৰোগা সুদৰ্শন বৰবৰাক মাতি পঠালে। তেওঁ আহিলত পুলিচ চাহাবে ক’লে,—“চাওক বৰবৰা, আপোনাৰ সূক্ষ দৃষ্টিৰ ওপৰত মোৰ বিশ্বাস আছে; সেইহে মাতিছোঁ। সম্প্ৰতি হালধিবাৰী গাৱঁত এটা হত্যাকাণ্ড ঘটিছে, আপুনিও বোধ কৰোঁ শুনিছে! অপূৰ্ব্ব দাৰোগাই তদন্ত কৰি হত্যাকাৰী বুলি এজনক ধৰিছে। সঁচাকৈয়ে তেওঁ হত্যাকাৰী হয় নে নহয় মই বুজিব পৰা নাই। মোৰ বোধেৰে ঘটনাটোত কিবা এটা ৰহস্য আছে। আপুনি সেই ৰহস্য ভেদ কৰিব লাগিব। পাৰিব? ”

 সুদৰ্শন।— ঘটনাৰ আদ্যোপান্ত বিবৰণ পালে আৰু ঘটনাৰ থলীখন এবাৰ চাবলৈ পালেহে ক’ব পাৰিম।

 পুলিচ চাহাবে গোটেই ঘটনাটো বৰ্ণনা কৰি ক’লে,— “আপোনাৰ এই বিষয়ে মত কি?”

 সুদৰ্শন।— ঘটনাটো যিমান সহজ যেন ভবা গৈছিল সিমান নহয়। ইয়াত কিবা এটা ডাঙৰ ৰহস্য আছে।