পৃষ্ঠা:সৰাপাত.pdf/৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সৰাপাত


 

বৰষুণ

বৰষুণ নামিলেই
সপোন জাগে সেউজ ধৰাত,
কুঁহিপাতে হাঁহে প্ৰতি বিৰিখৰ ডালে
দুৱৰিয়ে ঠন ধৰে আকাশলৈ চাই
বৰষুণৰ টোপে টোপে
তৃষ্ণাতুৰৰ হেঁপাহ থাকে,
চিৰাল ফঁটা আইৰ বুকুত
বৰষুণে ৰহণ সানে,
খেতিয়কে নাপায় আহৰি
কঠিয়াৰ সপোনে আঁতৰাই
জিৰণিৰ পাতনি।
বৰষুণ নামিলেই ধুলিয়ৰি আকাশে
মলিয়ন বস্ত্ৰ সলায়
হেঙুলীয়া আকাশ ৰচে
বিৰিঙাই নতুনত্বৰ হাঁহি।
গাঁৱে ভূঞে চহৰে নগৰে
হিংসা কপটতা ধোঁৱাই লৈ যায়
প্ৰতি বৰষাৰ বানে,
বৰষুণে আনে সজল সপোন,
বৰষুণতেই থাকে হেঙুলীয়া
আৱেগৰ নাচোন,
বৰষুণ যেন এজাক চেঁচা হুমুনিয়াহ।

   

শব্দৰ টোপাল

মোৰ দুহাতত এটি শব্দৰ টোপোলা
আছে
গাঁঠিটো কেতিয়াবা খুলি দিওঁ
সৰি পৰে ৰঙা নীলা হাজাৰটা পখিলা
উৰি যায় বকুল বনৰ সুৱাস বিচাৰি
উৰি যায়.....।
দুপৰৰ মোহোনাত
হৃদয়ৰ সাঁচিপাতে
অনুভূতিৰ বৰষা হৈ
হেঁপাহৰ শিৰে শিৰে বৈ যায়
সৰি পৰে সেই একেখন হাতৰ
লিহিৰি আঙুলিৰ ফাঁকেৰে
টোপ টোপকৈ
শব্দৰ বৰষুণ।

পৃষ্ঠা/০৩