মালিকা দিলা। পাচে মাধৱে তাৰ আগ পাছ চাই বোলে মঞি সমস্তে পাইলো আৰু আমাক কিছো উপদেশ নালাগে। এই বুলি শঙ্কৰক প্ৰণাম কৰি সাতশ শ্লোকৰ সাতশ ঘোষ কৰিলেক। যোগেশ্বৰ চৈতন্যৰ নিৰ্ণয়, নাম, সন্তসেৱা, ৰহস্য তত্ত্বকো বৰাই কৰি নলই ঘোষাকে সাৰ মানি ৰৈলা। ইহাৰ আখ্যান পাচে কহিম। এখন শঙ্কৰৰ আখ্যান শুনা। কণ্ঠভূষণৰ গৃহে গৈয়া হৰিদেৱৰ মুখে কিছু দিন ভাগৱত শুনি আছিল। পাচে বৰদোৱাক যাই ৰাম সৰস্বতীৰ মুখে ভাৰত পুৰাণৰ পদ কৰাই আপুনিয়ো কিছো কৰিলা। নাৰাণ গোৱিন্দ প্ৰমুখে বাৰজন আতাক ৰামৰামৰ ঠাই শৰণ লগাই সেই পদক পাচে প্ৰৱত্তাইৱে দিলে। এই সকল কথা ৰাজাত লগাই কৈলে বোলে শঙ্কৰে ব্ৰাহ্মণক সেৱা কৰাই। এইশুনি ৰাজা নৰনাৰাণে শঙ্কৰক ধৰি নিয়াই সুধিলে; শঙ্কৰে বোলে মহাৰাজ মই ব্ৰাহ্মণৰ দাস, কেনে তান সেবা লৈবো। ব্ৰাহ্মণৰ পদজল যিঠাইতে পৰে তাৰ সমিপে থাকিবে যোগ্য নহয়। চাৰিয়ো জাতিৰ ব্ৰাহ্মণেসে গুৰু। আমি কেনে গুৰু হৈবোঁ; মিচা কহে। পাচে ৰাজাও সাখীতো সুধি দায় নাপায়
পৃষ্ঠা:সৎসম্প্ৰদায় কথা.djvu/৪৯
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩
দশম অধ্যায়।