পৃষ্ঠা:সৎসম্প্ৰদায় কথা.djvu/৪৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
নবম অধ্যায়।

কৰস; মোৰ তনু দামোদৰ ক্ষুধাই ৰহিল; মঞি বৰ দুখ পাইলো। এই দেখি প্ৰাতসে উঠি দুয়ে ভোজনৰ দ্ৰব্যাদি দিয়া দামোদৰক ভোজন কৰাই বোলে হে গুৰু দামোদৰ, তুমি ক্ষুধাএ ৰহিলা কাৰণে ঈশ্বৰে নিশা স্বপ্ন চেতাঁইচে; তোমাত ঈশ্বৰ সাক্ষাতে আছে। তুমি তুষ্ট ভৈলে ঈশ্বৰো তুষ্ট। বিপ্ৰ মুখে ভুঞ্জে। বিপ্ৰেসে ঈশ্বৰ তনু। বিপ্ৰ-পাদোদকে গঙ্গা; বিপ্ৰ-সেবাসে শূদ্ৰৰ সদাচাৰ; সেবা নভৈলে শ্মশান প্ৰায়; বিষয়ত বৰ ভৈলেও শুদ্ৰ আমি বিপ্ৰৰেসে দাস। আজি আমাৰ প্ৰমাদত অপৰাধ হৈল। তাক ক্ষেমি বন্ধুবৰ্গক উপদেশ দিয়া। দামোদৰে বোলে হে গোমস্তা আতা, সকল দিনে তুমিসে পুষিছা; একদিনা নাপাইলো বুলি আমাৰ কি অসন্তোষ আছে। এই বুলি দুইকে আশীষ কৰিলা। পাচে শঙ্কৰৰ পুত্ৰ ভাৰ্য্যা সবাকো শৰণ কৰাই তিনি নাম দিলা আৰু তান ভাতৃ ৰামৰায় বড়ুৱাকো, কেহোৰায় বড়ুৱাক, কমললোচনক, ৰঙ্গাচৰণক, হৰিচৰণক, প্ৰভৃতি সগোষ্ঠকে শৰণ লগাই তিনি নাম দিল; পাচে কপিল মুনিক, শ্ৰীকৃষ্ণক, কৃষ্ণদেৱক, ভগৱানক, নাৰায়ণমিশ্ৰক, বংশীগোপালক, আধাৰ