পৃষ্ঠা:সৎসম্প্ৰদায় কথা.djvu/৪৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭
অষ্টম অধ্যায়।

শঙ্কৰে বোলে মহাপ্ৰভু পুষিবেক। এই শুনি দামোদৰ প্ৰসঙ্গে বসিলা। পাচে ৰামৰাম গুৰু নি তান হাতে শৰণপটল খানি দিলে, দামোদৰে চৈতন্যক প্ৰণাম কৰি লই চাব মেলি চাই দেখে ভূৰ্জ্জপত্ৰত লেখি দিছে; বাহ্মণক চাৰি নাম, শূদ্ৰক তিনি দিবাক আজ্ঞা কৰিছে আৰু বত্ৰিশ শ্লোকে কৈছে নৱলক্ষণ নভৈলে ভক্তি নৰহে আৰু লক্ষনাম জপিলেসে গুৰু শিষ্যক তাৰিবে পাৰে। নাপাৰি শিষ্যৰ খাইলে এক গোটা চাউলে আঠমোণৰ ভাৰ হোৱে। এই সব আজ্ঞা বিচাৰি লই পুনু চৈতন্যক প্ৰণাম কৰি মাথে লৈল। দেখা শিবাংশী শঙ্কৰে গোমস্তাৰূপে ৰাজ্য পাতি বৈদেশীৰূপে শ্ৰীচৈতন্যৰ আজ্ঞা আনি দামোদৰত অৰ্পি ধৰ্ম্মকো পাতিলে। হেনয় শঙ্কৰ কীৰ্ত্তিক স্মৰি হৰিবোল হৰি।

 চৈতন্যাদেশমানীয় গুৰৌ দামোদৰেহৰ্পয়েৎ।
 ৰামেণ শঙ্কৰো ধীমান্ তস্য কীৰ্ত্তং স্মৰাম্যহং॥
ইতি সৎসম্প্ৰদায়কথায়াং দামোদৰসম্প্ৰদায়ো, নামাষ্টমোহধ্যায়ঃ॥