মহাপ্ৰভু চাৰি নাম উচ্চাৰিল। সেই তান মন্ত্ৰ ভৈলা। পাচে সাগৰত স্নান কৰি ফিৰি আহন্তে তান স্বৰূপ দেখি পাৱৰ খোজে প্ৰণাম কৰি ব্ৰহ্মহৰিদাসক বোলে তোমাৰ প্ৰসাদত প্ৰভুক দেখিলো, জন্ম সাফল ভৈল। এখন এইখানি প্ৰভুত পোচা, কলিত কাত ভক্তি ৰহিবেক আৰু সি দেশত বা হৰিৰ নাম কোনে দিবেক। এহি শুনি হৰিদাসে চৈতন্যত পুচিলে বোলে মহাপ্ৰভু পূৰ্ব্বদেশী দুই প্ৰাণী আসি কাতৰে পুচিছে বোলে কলিত কাত ভক্তি ৰহিবেক; আমাক বা কি আজ্ঞা কৰে; সিদেশত হৰিৰ নাম কোনে দিবেক। এহি শুনি চৈতন্যে বোলন্ত হে ব্ৰহ্মহৰিদাস, ভক্তি প্ৰেম-ৰস উচ্চত নৰহে নামত ৰহে। এতেকে নিস্কিঞ্চন জনত ভক্তি ৰহিবেক। হেৰ দেখাওঁ; এহি বুলি কমণ্ডলুৰ জল গহ্বৰে ঢালিল। পাচে উচ্চে নবহি জল নামে বহিল; আৰু বোলন্ত সিদেশক গৈতে শঙ্কৰক জানি। সি বৰ মনুষ্য, তাঙ্ক আমাৰ এই আজ্ঞা, আমাৰ শিষ্য কণ্ঠভূষণৰ মুখে ভাগৱত শুনি শঙ্কৰে গীত পদ কৰিবেক আৰু গজপতি ৰায় পুৰুষোত্তমে কৰা সাতশ শ্লোকৰ নামমালিকা
পৃষ্ঠা:সৎসম্প্ৰদায় কথা.djvu/৪১
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
অষ্টম অধ্যায়।