যাই শঙ্কৰাচাৰ্য্যক প্ৰণাম কৰি জ্ঞান পুচিলা। শঙ্কৰাচাৰ্য্যে বোলে ব্ৰাহ্মণৰ গুৰু নহওঁ ৰাজাৰো গুৰু নহওঁ। এই পদুমায়ে তোমাৰ গুৰু। এহি বুলি দক্ষিণ মঠৰ আচাৰ্য্য পাতি পদ্মাচাৰ্য্য নাম দি বাৰাণসীক গৈলা। তৈৰপৰাই বৌদ্ধে শুনি শঙ্কৰাচাৰ্য্যক ভোজন কৰাবা নিলে, শঙ্কৰাচাৰ্য্য যাইবে দেখি বৌদ্ধে পাতত অন্ন দিছে মানুষৰ মুণ্ডৰ খোলাত জল দিচে। পাচে দ্বন্দ্ব লগাই সেই জল গুচাই আপুনাৰ কমণ্ডলুৰ জলে আচান্ত কৰি বসিলা; বৌদ্ধে দেখি বোলে ভাল ভাল আমাৰ শাস্ত্ৰক নিন্দা কৰস ভোজন কৰি তোৰ লগে বাদ কৰো, যাৰ শাস্ত্ৰ মিচা হুই ৰাজা তাকে কাটিবে। শঙ্কৰচাৰ্য্যে বোলে, “এবমস্তু”; আমিও ভোজন কৰি বাদ কৰিম। এই কথা বান্ধি সবে কাশীৰাজাৰ দ্বাৰে গৈলা৷ ৰাজাও বৌদ্ধৰ শিষ্য। দ্বাৰত দুই স্তম্ভ পুতি দুখান কৰত্ আড়ি বাদ কৰিবে দিলা। তাতে শঙ্কৰাচাৰ্য্যৰ বৌদ্ধৰ লগে বাদ ভৈলা; পাচে বৌদ্ধে ভঙ্গ হুই ভঙ্গ নামানে দেখি শঙ্কৰচাৰ্য্যে বোলে এই মঠ গোট সাক্ষাতে আছে। আতে উঠি ঝাম্প দিয়া। যাৰ হাত পাও নাভাঙ্গে তাৰেহে শাস্ত্ৰ সত্য। এই
পৃষ্ঠা:সৎসম্প্ৰদায় কথা.djvu/২২
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
সৎসম্প্ৰদায় কথা।