পৃষ্ঠা:সৎসম্প্ৰদায় কথা.djvu/১৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
সৎসম্প্ৰদায় কথা।

ভূমিৰ জীৱক কৃপায়ে নিজগুণ প্ৰকাশ কৰি উদ্ধৱত ভাগৱত কহিলা; তাতে মৈত্ৰেয়কো পাই বিদুৰত ভাগৱত কহিবে আদেশিলা। এহিৰূপে ভাৰতৰ লোক সমস্তক কৃপায়ে পুৰাণ সূৰ্য্যক পৃথিবীত থই গোকুল মথুৰা দ্বাৰকাবাসি সমে কৃষ্ণ সূৰ্য্য অস্ত গৈলা। উদ্ধৱক মাত্ৰ ধৰ্ম্ম ৰক্ষাৰ্থে ইঠাইতে থৈলা। অদ্যাপিয়ো বদৰিকাশ্ৰমত নৰনাৰায়ণৰ সত্ৰত ভাগৱত শুনি আছে। পাচে শ্ৰীকৃষ্ণ যাইবাৰ জানি পৰীক্ষিতক ৰাজ্য দি যুধিষ্ঠিৰাদিয়ো স্বৰ্গে গৈল। পাচে কলিৰ ছয় কুৰি বৎসৰ গৈলে গঙ্গাৰ দ্বাৰত মৈত্ৰেয়ে অনন্তৰ পাৰাৱত সম্প্ৰদায়ে ভাগৱত বিদুৰত ৰহস্যে কহিলা। এতেকে ভূমিত প্ৰকাশ নহৈল। পাচে এই ভবিষ্যত কথা নাৰদৰ মুখে ব্যাসে শুনি বৈকুণ্ঠী সম্প্ৰদায় সহিতে এক কৰি লিখি দ্বাপৰৰ আদিতে শুকদেৱক পঢ়াই থৈছিল। পাচে কলিৰ আঠকুৰি বাইশ বৎসৰ গৈলে গঙ্গাতীৰত ব্ৰহ্মসভাত বসি শুকদেৱে সেই ভাগৱতক পৰীক্ষিতত কহিলা। তাতে উগ্ৰশ্ৰৱা সুতক যোগ্য দেখি ভাগৱত কৈবাক আদেশি গৈল। যদি বোলা শুকদেৱে অকুলীন সুতক ভাগৱত কৈবে কিয় আজ্ঞা কৰিলে, তাৰ