পৃষ্ঠা:স্যমন্ত হৰণ.pdf/৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
স্যমন্ত হৰণ

মৰি পৰি আছে সিংহ দেখিলা মুৰাৰি।
জানিলা ভালুকে মণি নিলা আঙ্ক মাৰি॥
দেখি সৰ্ব্বজন ভৈল মনত নিঃশঙ্ক।
মিছাত পাইলন্ত কৃষ্ণে দাৰুণ কলঙ্ক॥ ২০
খোজগুৰি ভালুকৰ গৰ্ত্ত পাইলা হৰি।
ঘোৰ অন্ধকাৰে আছে গৰ্ত্তক আৱৰি॥
দেখি সেনাগণ সবে বাহিৰত থই।
একেশ্বৰে গৰ্ত্তে কৃষ্ণ প্ৰবেশিলা গই॥ ২১
তথাত মণিক কৃষ্ণে দেখিল পাচে।
হাতে লৈয়া ধাই শিশু ওমলান্তে আছে॥
কাঢ়ি লৈবে লাগি হৰি সমীপ চাপিলা।
হেন দেখি ভয়ে ধাই ধাউ গেৰি দিলা॥ ২২
কোথেৰ মনুষ্যগোটে মণি নেই হৰি।
আৱে ঋক্ষৰাজ লাগ লোৱা ঝাণ্ট কৰি॥
এহি বুলি ধাই আতি কৰে আৰ্ত্তনাদ।
বোলা হৰি হৰি ছাড়া বিষয় বিষাদ॥ ২৩