পৃষ্ঠা:স্যমন্ত হৰণ.pdf/১৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০
স্যমন্ত হৰণ

সীতাৰ সন্তাপে জগতৰ বাপে
 কৰিলা প্ৰয়াণ ঘোৰ॥ ৩৩
যাৰ মহাক্ৰোধে কটাক্ষতে গ্ৰাহে
 সাগৰে কল্লোল কৰে।
লঙ্কাক লাগিয়া  মাজে বাট দিয়া
 ডৰিয়া আতি সাগৰে॥
জানকীৰ হেতু  বান্ধিলাহা সেতু
 দহিলা লঙ্কা নগৰী।
ৰাৱণৰ মাথ কাটিলাহা নাথ
 আনিলা সীতা উদ্ধাৰি॥ ৩৪
আগে নিচিনিলো  আৱেসে জানিলো
 তেন্তে তুমি শ্ৰীৰাম।
অজ্ঞানীক মোক  প্ৰভু ক্ষেমিয়োক
 চৰণে কৰো প্ৰণাম।
এতেক বুলিয়া নমি জাম্বৱন্ত
 আছা কৃতাঞ্জলি কৰি।
শুনা সৰ্ব্বজন  নেৰিবা কীৰ্ত্তন
 ডাকি বোলা হৰি হৰি॥ ৩৫