এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৫৫ ]
হৰাইবাৰ নিধি, যেন দিলে বিধি,
পাঞ্চৰো দেখিয়া মুখ।৷
এহি বুলি ৰাজা, ধৰি ভাই ভাৰ্য্যা,
আশ্বাসিল বাৰম্বাৰ।
কৃষ্ণা সমে চাৰি, ভাতৃ পাৱে ধৰি,
নমিলা আতি সাদৰ।৷ ২৬২
সেহি সময়ত, দ্ৰৌপদী বোলন্ত,
অজিজ্ঞাসে গৈলা এড়ি।
ওচৰ চাপিয়া, আমাক তুলিয়া,
নছাইনাহা ভাল কৰি।৷
শোকত তোমাৰ, গাৱে অগ্নি মোৰ,
লাগি পোয়ে সমুদাই।
সহদেৱে বোলে, শুনিয়ো দ্ৰৌপদী,
দদাক নেদিবা দাই।৷ ২৬৩
দেৱৰ কপট, বুজিবে তাহাক,
হঠাত পাৰয় কোন।
বিশেষত ৰণে, বিমুখ মৰণে,
তাৰিলাহা সেনাগণ।
পাছে ধনঞ্জয়, ৰাজাক, বোলয়,
শুনিয়ো দদা বচন।
মাতলি সহিতে, চৰি আমি ৰথে;
কৰোহো হেৰূ গমন।৷ ২৬৪