পৃষ্ঠা:স্বৰ্গাৰোহণ পৰ্ব্ব.djvu/৬০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৫০ ]


দেখিলে সভাত,  দেব অসংক্ষাত,
 সিদ্ধ মুনি নিৰন্তৰ।
শত ভাই লইয়া,  তাহাত বসিয়া,
 দুৰ্য্যোধন নৃপবৰ॥ ২৪৮
তোৰ সমস্তক,  নেদেখিয়া তাক,
 পুছিলো মই ইন্দ্ৰত।
ইন্দ্ৰে বোলে ৰাজা,  তযু ভাই ভাৰ্য্যা,
 নাহিকে মোৰ স্থানত॥
দোষে আপোনাৰে,  যমৰ নগৰে,
 আছন্ত তাহাত গৈয়া।
বুলিলো ইন্দ্ৰক,  তাহান সঙ্গত,
 মোহোক তাহাতে থোৱা।৷ ২৪৯
মোহোৰ বচনে,  সহস্ৰ লোচনে,
 মাতলিক আদেশীল।
ৰথে সমে তই,  নৃপতিক লই,
 সন্ধমনী পুৰে চল।
জৈকে কৰে ইশ্চা,  তৈকে লাগি নিবা,
 বাধা নাহি একোস্থানে।
ইন্দ্ৰৰ বচনে,  সাৰথিয়ে ৰথ,
 আনিলন্ত তেতিক্ষণে।৷ ২৫০
বিদায় ইন্দ্ৰত,  কৰিয়া ৰথত,
 উঠিয়া বুলিলো ডাক।