এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পাতনি।
“যদিও পুৰণি সাহিত্যই অসমীয়া ভাষাৰ মুখ উজ্জ্বল কৰি ৰাখিছে তত্ৰাচ আজিকালিও বহুত অসমীয়া মানুহৰ মনত এনে কুসংস্কাৰ আছে যে, তেওঁলোকে পুৰণি সাহিত্য আন্ধাৰৰপৰা পোহৰলৈ আনিবলৈ কাৰবাৰ কৰক ছাৰি, বহুতে সেই বিষয়লৈ মন মেলোঁতাকো বাধা দিবলৈ অলপো পাচ নোহোঁহকে। এই দৰেই কিমান পুৰণি সাৰুৱা সাৰুৱা পুথি, কিমান ডাঙৰ ডাঙৰ মানুহৰ কীৰ্ত্তি, লোপ পাব লাগিছে বা আগলৈ লোপ পাবৰ সম্ভৱ আছে তাক ভাবিলে মনত বৰ দুঃখ লাগে। মহাভাৰত, ৰামায়ণ আদি পুথিৰো আমাৰ ভাষাত অভাৱ নাই, অইন কি আমাৰ দেশত “পঞ্চদশ শতিকাতে কীৰ্ত্তন,ঘোষা, দশমাদিৰ ৰচনা হয়। কিন্তু বঙ্গদেশৰ অতি পুৰণি পুথি আৰু ‘জীৱ গোস্বামীৰ কৰজ'[১] ১৫০৩ খৃঃ চনত ৰচিত হয়। কৃত্তিবাস, মুকুন্দৰাম, কাশীদাস এওঁলোক যোড়শ শতাব্দীৰ শেহৰ লোক[২]। কিন্তু থাকিলে