পৃষ্ঠা:স্বৰ্গাৰোহণ পৰ্ব্ব.djvu/৩২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ২২ ]

             
এহিমতে গতি কৰি বহু পথ জান্ত।
হেমকূট নামে সীমা পৰ্ব্বত দেখন্ত॥ ১০৪
সহস্ৰ যোজন যুড়ি আছে গিৰিবৰ।
মনুষ্যে চড়াইবে শক্তি আচয় কাহাৰ॥
হেমকূট ভেদি গঙ্গাজল বহে সদা।
সেহি দিন গিৰি কাছে ৰহিলন্ত তদা॥ ১০৫
ফলমূল আনিবাক গৈলা চাৰি ভাই।
নানাবিধ আলু জৰা পকা কৰদই॥
তৰমূজা খৰমূজা কণ্টকি যে বাঙ্গি।
ৰাজাৰ আগত আনি দিলা দুই সাঙ্গি॥ ১০৬
যুধিষ্ঠিৰে ঈশ্বৰত অৰ্পণা কৰিল।
দ্ৰৌপদীয়ে একভাগ বিবৰ্ত্তিয়া দিলা॥
আৰু ভাগ দিলা নিয়া ভীমৰ আগত।
ক্ষুধা নিবাৰণ কৰি ভুঞ্জিলা সমস্ত॥ ১০৭
সবাৰ পাছত দেবী কৰিলা ভোজন।
তৃণাসন কৰি সবে কৰিলা শয়ন॥
তাত পাছে ভৈলা যেবে ৰজনী প্ৰসন্ন।
প্ৰভাতে উঠিয়া গঙ্গাজলে কৰি স্নান॥ ১০৮
আপুনি সামৰ্থ আৰু কৃষ্ণৰ কৃপাত।
হেমকূটে উঠি জাই যেন জখলাত॥
ৰাম কৃষ্ণ নাৰায়ণ মুকুন্দ মুৰাৰি।
এহিনাম সবমুখে জান্ত সবে ধৰি॥ ১০৯