পৃষ্ঠা:স্বৰ্গাৰোহণ পৰ্ব্ব.djvu/২৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ১৪ ]

ভীম আদি চাৰি পাণ্ডৱৰ পৰ্বতত পতন আৰু যুধিষ্ঠিৰৰ নৰক দৰ্শন।

বৈশম্পায়ন বদতি শুনিয়ো,নৰেশ্বৰ।
এহিমতে সুভদ্ৰাৰ ক্ৰন্দন বিস্তৰ॥
শুনি নগৰৰ নৰ নাৰী চাপি আসি।
প্ৰবোধ কৰিলা সবে বচনে আশ্বাসি॥ ৬১
বিলাপৰ কথা আবে এখনে থাকোক।
পাণ্ডৱৰ যেন ভৈল তাক শুনিয়োক।৷
নগৰৰ বাজ যেবে পাণ্ডৱ যে ভৈল।
ইন্দ্ৰসমে যমৰাজা আলোচিবে লৈল॥ ৬২
কেন মতে নিবো পুত্ৰ মোহোৰ ভূবন।
কিন্তু অশ্বত্থামা বুলিয়াছে দ্ৰোণ স্থান।৷
সেহিপাপে দেখিবাক লাগয় নৰক।
কেনমতে নিবো দেবৰাজ শিখায়োক॥ ৬৩
যমক সম্বোধি ইন্দ্ৰে বুলিলা বচন।
নিদ্ৰাৱলী লগেলৈয়া কৰিয়ো গমন॥
সুপাৰ্শ্ব পৰ্ব্বতে উঠি মেৰুক আসন্তে।
নিদ্ৰাতুৰ কৰি পেলাইবাহা পৰ্ব্বততে।৷ ৬৪
একেশ্বৰ কৰি যুধিষ্ঠিৰক ৰাখিবা।
শ্বান ৰূপ ধৰি তুমি লগত আসিবা।
তোমাক মাৰিবে মই উঠিয়া যে জাইবো।
ৰাজোৰো পৰিক্ষা আমি তাহাতে চাহিবে।৷