পৃষ্ঠা:স্বৰ্গাৰোহণ পৰ্ব্ব.djvu/২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ১৩ ]


দ্ৰুপদ কুমাৰী,  আছে তপকৰি;
তযু লগধৰি,  গৈলেক সুন্দৰী এ;
 ধৰ্ম্মৰ বচনে থাকিলে এথাতে পৰি।
তুমি সম বীৰ,  নাহি ধনুৰ্দ্ধৰ;
তিনিও লোকৰ;  অন্তক বৈৰৰ এ;
 ভাৰ হৰিনাহা অবতাৰ তুমি ধৰি॥ ৫৯॥
বসন ভূষণ,  ধিক বিতোপন;
পৰিয়াৰ জন,  মিত্ৰ পুত্ৰ গণ এ;
 সবে অকাৰণ স্বামীৰ সঙ্গ বিহিনে।
মই সৌভাগিণী,  তোমাৰ কামিণী;
ভৈলো কুলক্ষণী,  থাকিয়া আপুনি এ;
 ধিক্ ধিক্ মোৰ জীবন সাৰ যৌবনে।৷
পূৰ্ণ শশধৰ,   বিকচ পদ্মৰ;
সঙ্গত মোহোৰ,  দেখিয়া সুন্দৰ এ;
 তাহান কান্তিয়ে মোহোক শোভা কৰয়।
কৰিয়া কাতৰ,  চৰণে কৃষ্ণৰ;
খেদ সুভদ্ৰাৰ,  কৰিলো প্ৰচাৰ এ;
 ৰাম ৰাম ৰাম বুলিয়ে সবে সদায়।৷ ৬০॥