পৃষ্ঠা:স্বৰ্গাৰোহণ পৰ্ব্ব.djvu/১৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৩ ]


মন পূৰি সমস্তকে দান কৰিলেক।
বিপ্ৰসবে বোলে আৰু নলাগে আমাক।৷ ৮।৷
দ্ৰৌপদী সুভদ্ৰা দুয়ো ৰাজ আজ্ঞা শুনি।
নগৰৰ নাৰীসব মাতিয়া যে আনি॥
সাত গোটা ঘট সাতে লৈল সাজি পাৰি।
দ্ৰৌপদী সুভদ্ৰা বধু উত্তৰা কুমাৰী॥ ৯।৷
উলুপী প্ৰবীণা হেমা চিত্ৰাঙ্গদা সমে।
সুবৰ্ণৰ সাত ঘট লৈলা অনুক্ৰমে।৷
নাৰীসবে মিলি পাছে দিলন্ত উৰুলী।
গীত গাই গৈয়াজল আনিলন্ত তুলি।৷ ১০॥
কুমৰক আনি বেদী মধ্যত যে থই।
মাঙ্গল্য কৰিলা সবে নোয়াই ধুৱাই।৷
তাত পাছে পঞ্চগব্যে কৰাইলন্ত স্নান।
ৰাজযোগ্য বস্ত্ৰ গাৱে কৰি পৰিধান।৷ ১১।৷
অৰ্জ্জুনে সভাতে বসি নিয়ম কৰিল।
সিংহাসন চাৰিপাশে কদলি পুতিল।৷
ঢাক ঢোল শঙ্খ ভেৰী তবল খঞ্জৰী।
উপাঙ্গ দোতাৰা কালী তম্বৰু জাঞ্জৰী। ১২।৷
তাল খোল মৃদঙ্গক আদি বাদ্যচয়।
নৰ্ত্তকী সকলে নৃত্য কৰে ঠাই ঠাই॥
ঘৃতৰ প্ৰদীপ শাৰি কৰিয়া লগাইল।
অগৰু কাষ্ঠৰ ধুম্ৰে সভাকো ব্যাপিল।৷ ১৩।৷