পৃষ্ঠা:স্ত্ৰী-পৰ্ব্ব.djvu/৯৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৪
স্ত্ৰী পৰ্ব্ব।

আছিল কৌৰৱ পক্ষ যত বীৰগণ।
দেৱতো অভঙ্গ তাৰ একো একো জন॥
তাক কি পাণ্ডুৰ পুত্ৰে জিনিবে পাৰয়।
তোমাৰ কপটে ভৈল কুৰু কুল ক্ষয়॥
তোমাৰ কথাক মই মনে আছে জানি।
যেনে তেনে চিন্তিলাহা কৌৰৱৰ হানি॥
পাণ্ডৱৰ সপক্ষ ভৈলাহা কৃপাময়।
তাতেসে ভৈলেক পঞ্চভাই ৰণ জয়॥
আৰু এক কথা মই বোলোহোঁ তোমাত।
শুনাইলেক ইতো কথা সঞ্জয়ে আমাত॥
যৈসানি সুভদ্ৰা সুত ৰণত পৰিল।
শুনি ক্ৰোধে ধনঞ্জয়ে পতিজ্ঞা কৰিল॥
কালি দিবাভাগে জয় বধিবো।
তাক নামাৰিয়া আউৰ গৃহে নপশিবো॥
যদি সূৰ্য্য অস্ত পূৰ্ব্বে তাহাক নামাৰো।
তেবে সত্যে ইতো দেহ অগ্নি জাস্ কৰো॥
হেন অঙ্গীকাৰ কৰি বীৰ ধনঞ্জয়।
বঞ্চিলা ৰজনী গোট দুঃখে আতিশয়॥
পাছ দিনা প্ৰভাতে কৰিয়া স্নান দান।
জয়দ্ৰথ বধ হেতু কৰিলা পয়ান॥
তুমি ভৈলা অৰ্জ্জুনৰ সাৰথি ৰথৰ।
সিদিনা মিলিল অতি দুৰ্ঘোৰ সমৰ॥