পৃষ্ঠা:স্ত্ৰী-পৰ্ব্ব.djvu/৭৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৯
নাৰী পৰ্ব্ব৷

হাহা স্বামী বুলি,  পৰিযা মাটিত,
 কৰন্ত আতি বিলাপ॥
নমো নাৰায়ণ, পতিত পাৱন,
 কৰো মই নিবেদন।
তোমাৰ চৰণে, পশিলো শৰণে,
 কৃপা কৰা জনাৰ্দ্দন॥
মই অতি দীন, ধৰ্ম্মে মতিহীন,
 তথাপি কৰিলো আশ।
পাপী বুলি প্ৰভো, নচাৰিবা মোক,
 চৰণত দিয়া বাস॥
বোলো ধৰ্ম্মেশ্বৰে,  অতি অল্প মতি,
 নজানোহোঁ কিছু আন।
সন্ত সাধুযত, বৈষ্ণৱ ভকত,
 সবাৰো ধৰো চৰণ॥
আমাৰ পদত, আছে দোষ যত,
 তাহাঙ্ক সবে ক্ষমিবা।
আতি মুৰ্খ জানি,  বঢ়া টুটা দোষ,
 তাকো একো নধৰিবা॥
ইতো সংসাৰৰ, মিছা মায়া মোহ,
 এড়িয়োক সাধুজন।
আপুনিয়ো তৰা, বংশকো উদ্ধাৰা,
 নষ্ট হৌক পাপগণ॥