পৃষ্ঠা:স্ত্ৰী-পৰ্ব্ব.djvu/৬৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৭
নাৰী পৰ্ব্ব

হাহা প্ৰাণ নাথ অভিমন্যু মহাবীৰ।
তোমাৰ বিৰহে মোৰ নৰয় শৰীৰ॥
যাৰ মোমা বাসুদেৱ বাপ ধনঞ্জয়।
সিজন মৰণে মোৰ পৰাণে কি সয়॥
এহি বুলি কান্দে শোকে উত্তৰা কুমাৰী।
দ্ৰৌপদী বিষাদ কৰে কুন্তী পাৱে ধৰি॥
শুনা শাশু আই মোৰ দশা ভৈল যেনে।
মোৰ পাঞ্চ পুত্ৰ ৰাত্ৰি আছিল শয়নে॥
দিবা ভাগে ৰণশ্ৰমে ভাগৰে পীড়িল।
সেই হেতু ঘোৰনিদ্ৰা পাৰিয়া ৰহিল॥
হেন চলপাই দ্ৰোণ সুত ক্ৰুৰমতি।
মাৰিল তনয় মোৰ খড়্গে শিৰকাটি॥
সহো কেনমতে মই হেন হৃদিতাপ।
পুৰি মাৰে তনয়ৰ দাৰুণ সন্তাপ॥
আৰু কি বুলিবো আই মোৰ দুঃখ কথা।
পূৰ্ব্বে দুঃশাসনে যেন কৰিলে অবস্থা॥
চুলি ধৰি কদৰ্থিলে মুখ চাই চাই।
শৰীৰৰ বস্ত্ৰ কাঢ়ি নিলে সমুদাই॥
কৰিলো শপত মই সভাৰ ভিতৰ।
মুক্ত কেশে আছিলোঁহো দ্বাদশ বছৰ॥
তেতিয়া কৰিল ভীমে প্ৰতিজ্ঞা পূৰণ।
আনি দিলে তেজ তাৰ মাৰি দুঃশাসন॥