পৃষ্ঠা:স্ত্ৰী-পৰ্ব্ব.djvu/৬২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
স্ত্ৰী পৰ্ব্ব

এবে কিয় ৰাজ্য পুনুঃ নিদিয়ে আমাক।
সিকাৰণে স্থিৰ কৈলো ৰণ কৰিবাক॥
পুনৰপি গুনিয়া চিত্তত দিলো ঠাই৷
ভাই ভাই বিৰোধে আমাৰ কাৰ্য্য নাই॥
কিন্তু ভীম ধনঞ্জয় মাদ্ৰীৰ তনয়।
নুশুনে বাধাকো মোৰ ক্ৰোধে অগ্নিময়॥
তবে কৃষ্ণ সমে মই কৰিয়া যুগুতি।
পঠাইলো তাহাঙ্ক পুনুঃ বুজাইবাক প্ৰতি॥
বিবাদে নাহিকে কাৰ্য্য শুনিয়ে গোসাই।
লউক সমস্ত ৰাজ্য দুৰ্য্যোধন ভাই॥
আমাক দিয়োক মাত্ৰ গ্ৰাম পঞ্চ খানি।
সমস্ত কথাক তাঙ্ক বুলিবা আপুনি॥
শুনি কৃষ্ণ পাইলা পাছে হস্তিনাক যাই।
নৃপতিত সব কথা বুলিলা বুজাই॥
কৃষ্ণৰো বচন নুশুনিল দুৰ্য্যোধন।
বুলিলা তথাতে বহু সমজ্যাৰ জন॥
ভীষ্ম দ্ৰোণ বিদুৰেয়ো বুজাইলা বহুত।
কাহাৰো কথাক নুশুনিল তযু সুত॥
কেৱল কৰিল মাত্ৰ ৰণ কেসে সাৰ।
কৃষ্ণ মুখে বুজিলোহো সব সমাচাৰ॥
যুজিবাক সাজুভৈল পাছে দুৰ্য্যোধন।
পৃথিবীৰ ৰাজাক দিলেক নিমন্ত্ৰণ॥