পৃষ্ঠা:স্ত্ৰী-পৰ্ব্ব.djvu/৫৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪
স্ত্ৰী-পৰ্ব্ব

প্ৰতিজ্ঞা এৰিলে, অধৰ্ম্ম সিজয়,
 নৰকত হোৱে ঠাৱ॥
সিকাৰণে নিজ,  প্ৰতিজ্ঞা সাম্ফলি,
 ভাঙ্গিলো উৰু তাহাৰ।
আপোন দোষত, সযেয়েো মৰিল,
 তনয় শত তোমাৰ॥
আৰু চোৱোঁ মাৱ,  শিশু কাল হন্তে,
 যত দুঃখ দিলে মোক।
সিসব কথাক, জানি আছা তুমি,
 বোলন্তে বিদৰে বুক॥
বালক কালত, দিলা বিষ মোক,
 মাৰিবাক দুৰ্য্যোধনে।
জতু গৃহে থৈলা, অগনি জ্বালিলা,
 আমাক দহিবে মনে॥
তাত ৰাখিলেক, জগত ঈশ্বৰ,
 আছিল আয়ু আমাৰ।
তথাপি তাহাৰ, দয়া নজন্মিল,
 পাশাক পাতিল আৰ॥
যত ধন জন, সবে কঢ়ি লৈল,
 দয়াহীন দুৰ্য্যোধন।
দেশৰ ডাকিল, বনক খেদাইল,
 নুশুনি কাৰো বচন॥