ধৃতৰাষ্ট্ৰে লোহাৰ ভীম চূৰ্ণ কৰে।
ঝুমুৰি।
বৈশম্পায়ণ নিগদতি। শুনা অভিমন্যু নাতি॥
সঞ্জয়ে ৰাজাক ধৰি। বৈসাইলা আসন পাৰি॥
বসিলন্ত পঞ্চ ভাই। ৰাজাৰ সম্মুখে যাই॥
শ্ৰীকৃষ্ণ সাত্যকি সমে। বসিলন্ত সৰ্ব্বজনে॥
সভা পাতি ৰহিলন্ত। ধৃতৰাষ্ট্ৰে বুলিলন্ত॥
কৈত আছ ভীমতই। দেওঁ আলিঙ্গন মই॥
সমিপ চাপিয়ো মোৰ। দেওঁ মুখে চুমা তোৰ॥
কৈলি শত পুত্ত্ৰ নাশ। গুচাইলি পিণ্ডৰ আশ॥
দুৰ্য্যোধন কুমৰৰ। উৰু ভাঙ্গি কৈলি চুৰ॥
শুনি মই এঠা আইলো। হৰিষ বিষাদ পাইলো॥
এবে কোল চাপ মোৰ। দিবোহো প্ৰসাদ ঘোৰ॥
এহি বুলি নৰ নাথ। আগ বঢ়াই দিলা হাত॥
মন নাজি নৃপতিৰ। যোগবলে যদু বীৰ॥
লোহাৰ প্ৰতিমা তাতে। দিলা নৃপতিৰ হাতে॥
লোহাৰ ভীমক পাই। আনন্দৰ সীমা নাই॥
মুণ্ড টিপি মাৰো বুলি। ধৰিলা কোলাত তুলি॥
ধৃতৰাষ্ট্ৰ নৃপতিৰ। নাহিকে বলৰ ওৰ॥
অযুত হস্তীৰ সম। গাৱে আছে পৰাক্ৰম॥
মহাবলে আটিলেক। ঘোৰ শব্দ উঠিলেক॥