পৃষ্ঠা:স্ত্ৰী-পৰ্ব্ব.djvu/৪০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
স্ত্ৰী পৰ্ব্ব।

তথাপিতো বোলা শুনা সমৰৰ কথা।
বিধিয়ে কৰিল যেন আমাৰ অৱস্থা॥
ৰণে আছিলেক যত মহাবীৰগণ।
একাদশ অক্ষৌহিণী সমে সেনাগণ॥
তযু শতপুত্ৰ সমে জানা মহাৰাই।
সমস্তৰে কুৰুক্ষেত্ৰে লাগিলেক ঠাই॥
কেৱল এড়াইলো মাত্ৰ আমি তিনিজন।
বুলিলো তোমাত সবে স্বৰূপ বচন॥
বায়ু সুতে কৰিলেক তযু বংশ ক্ষয়।
অকলে মাৰিল ভীম শতেক তনয়॥
শুনিয়া গান্ধীৰী দেবী আমাৰ বচন।
নকৰিবা শোক তুমি পুত্ৰৰ কাৰণ॥
শত পুত্ৰ তোমাৰ কৰিলে বীৰ কৰ্ম্ম।
যেহেন যুৱাই ক্ষত্ৰিয়ৰ নিজ ধৰ্ম্ম॥
মহা পৰাক্ৰম ৰণে অনেক কৰিল।
সম্মুখ সমৰে পৰি স্বৰ্গক চলিল॥
শোক পৰিহৰ মাৱ নকৰা সন্তাপ।
দুৰ্য্যোধনে কৰিলেক অসীম প্ৰতাপ॥
উৰু ভাঙ্গিলেক ভীমে অন্যায় কৰিয়া।
সিকাৰণে মোৰো মনে গৈলেক ৰাগিয়া॥
কৰিলো অধৰ্ম্ম ময়ো ন্যায় নিবিচাৰি।
নিশা ভাগে গৈলো মই হাতে অস্ত্ৰ ধৰি॥