পৃষ্ঠা:স্ত্ৰী-পৰ্ব্ব.djvu/৩৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
নাৰী পৰ্ব্ব।

এতেকতে ৰাজা তুমি,  শোক এড়া মনে জানি,
 পূৰ্ব্ব কথা কৰিয়া শ্ৰৱন॥
শুনা সভাসদগণ, কৰি সবে এক মন,
 ইতো মহা পদ ভাৰতৰ।
শুনে আক যিবা জনে,  গুছে তাৰ তেতিক্ষণে,
 মহা পাপ অনেক জন্মৰ॥
শিশু মতি ধৰ্ম্মেশ্বৰ,  ভনি লোহা সাৰেসাৰ,
 হৰিসে সবাৰো শ্ৰেষ্ঠ ধন।
তান পদে সবে যেন, মতি কৰা অনুক্ষণ,
 নাশ যাউক যত পাপগণ॥
সবে পুৰুষাৰ্থ কৰা,  বৈষ্ণৱৰ সঙ্গ ধৰা,
 সদায়ে সুমৰা হৰি নাম।
তেবেসে এড়াইবা দুঃখ,  যমৰ যাতনা ভোগ,
 ডাক চাৰি বোলা ৰাম ৰাম॥