এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
নাৰী পৰ্ব্ব।
কেৱল দেখিলা কৰ্ণ শকুনিক হিত।
আন সমস্তৰে কথা মানিলা অহিত॥
হাসি দুৰ্য্যোধনে যেবে কৰতালি দিল।
বঙ্গ চাহি তুমি ৰাজা তেতিয়া আছিল॥
কিছু নকৰিলা তুমি কৰিবাক পাৰি।
এবে অনুতাপে একো ফলক নধৰি॥
হেন জানি চিত্ত স্থিৰ কৰা মহাৰাজ।
দৈবে সে কৰায়ে মাত্ৰ ভাল মন্দ কায॥
ধৃতৰাষ্ট্ৰে শুনি হেন সঞ্চয়ৰ কথা।
হৃদয় দগধ আতি মনে পাই ব্যথা॥
শোকে দেহ দহে আতি উৎকণ্ঠিত চিত্ত।
পুনৰপি মূৰ্চ্ছা গৈলা পৰিয়া মাটিত॥
বৈশম্পায়ণ বোলে ৰাজা কহো শুনা সাৰ।
বিদুৰে দেখিলা পাছে অৱস্থা ৰাজাৰ॥
সন্নিত চাপিয়া ধৰি বুলিলা বচন।
উঠা উঠা মহাৰাজা নকৰা ক্ৰন্দন॥
যাৰ যেহি দিন মৃত্যু লিখি আছে ধাতা।
তাক এড়াইবাক কাৰ আছয় ক্ষমতা॥
শুনি আছা পূৰ্ব্বে যত মহাৰাজাগণ।
চিৰ জীৱী হুয়া জানো আছে কোন জন॥
উপজিলে মৃত্যু তাৰ অৱশ্যে আছয়।
অত চিন্তা কৰা মিছা জানা মহাৰায়॥