পৃষ্ঠা:স্ত্ৰী-পৰ্ব্ব.djvu/২০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
স্ত্ৰী পৰ্ব্ব


নাহিকে ৰাজাৰ গাৱে চেতন সমূলি।
দেখিয়া সঞ্জয়ে ধৰিলন্ত হাতে তুলি॥
কতো বেলি ধৃতৰাষ্ট্ৰ লভিলা চেতন।
পুত্ৰৰ সন্তাপে আতি ভৈল ক্ৰোধ মন॥
শোক অগ্নি উধাই মনে ৰাগি গৈলা আতি।
বুলিলা বচন পাছে সঞ্জয়ক মাতি॥
শুনিয়ো সঞ্জয় মোক নিয়ো এতিক্ষণ।
যৈত আছে দুৰাচাৰ পাণ্ডু পুত্ৰগণ॥
পাপীষ্ট ভীমৰ আজি হৃদয় বিদাৰো।
খাণ্ডা হানি অৰ্জ্জুনৰ শিৰচ্ছেদ কৰো॥
ধৰ্মাত্মা সুধীৰ যুধিষ্ঠিৰ নৃপবৰ।
সমৰ্পিবো তাঙ্ক আজি হস্তিনা নগৰ॥
এহি বুলি বৃদ্ধ ৰাজা বাতুলৰ নয়।
পুত্ৰৰ সন্তাপে অতি শৰীৰ জ্বলয়॥
দেখিয়া সঞ্জয় দুঃখী ৰাজাৰ স্বভাৱ।
কৰে কৰ ধৰি তাঙ্ক বুলিলন্ত ভাৱ॥
নকৰা সন্তাপ থিৰ হোৱা মহাৰাজ।
দেখিছা যতেক সবে বিধতাৰ কাষ॥
নকৰিবা অনুশোচ তুমি মহাজ্ঞানী।
আগম পুৰাণ শাস্ত্ৰ জানিছা আপুনি॥
মই কি প্ৰবোধ দিবো তুমি মহা জ্ঞানী।
নিজ হৃদয়ত ভাল মতে চোৱা গুণি॥