পৃষ্ঠা:স্ত্ৰী-পৰ্ব্ব.djvu/১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
স্ত্ৰী পৰ্ব্ব।


হেন ভীষ্মবীৰ তুমি পৰিলাহা ৰণে।
কিমতে সহিবো প্ৰাণে নৰয় জীৱনে॥
কৰ্ণ হেন বীৰ যেন ত্ৰৈলোক্য বিজয়।
নাৰ নাম শুনি দেৱাসুৰেও কাম্পয়॥
হেন কৰ্ণ বীৰ পৰি ৰৈল ঘোৰ ৰণে।
কিমতে সহিবো প্ৰাণে তাহাৰ মৰণে॥
দ্ৰোণ সম বীৰ নাই ইতিনি লোকত।
অব্যৰ্থ সন্ধান যাৰ পণ্ডিত ৰণত॥
শত্ৰুগণে ভয় কৰে যাৰ নাম শুনি।
হেন দ্ৰোণ বধে মোৰ নৰয় পৰাণী॥
হৰি হৰি কৈক গৈলি শকুনি দুৰ্ম্মতি।
তইসে কৰাইলি মোক এনুৱা দুৰ্গতি॥
ভীষ্ম দ্ৰোণ বিদুৰে বুলিল বহু হিত।
আপদ কালত তাক দেখি লোহো তিত॥
পূৰ্ব্ব জন্মে কিনো ঘোৰ আচৰিলো পাপ।
সি কাৰণে পাওঁ‌ মই দাৰুণ সন্তাপ॥
শত পুত্ৰ শোকে মোৰ প্ৰাণ ফুটি যায়।
বৃদ্ধ কালে মোৰ কিনো ভৈলেক বিলায়॥
হা পুত্ৰ দুৰ্য্যোধন অন্ধৰ নয়ন।
তোৰ শোকে মোৰ দেহে নৰহে জীৱন॥
হস্তি ঘোৰা ৰথে যাৰ আগ পাচ কৰি।
সৈন্য সেনাগণে থাকে সতত আবৰি॥