পৃষ্ঠা:স্ত্ৰী-পৰ্ব্ব.djvu/১৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নাৰী পৰ্ব্ব

কবিতাৰ গুণ নাই নহওঁ পণ্ডিত।
তথাপি ভৈলেক পদ কৰি বাক চিত॥
মূষিকে বাঞ্চয় যেন হস্তী সমে যুজে।
টিপচী চটকে পৰ্ব্বত লব খোজে॥
সেই মতে মোৰ মনে আশা ভৈল বৰ।
পঙ্গু হৈয়া ঘোৰাৰ লগত দিয়ো লৰ॥
পঞ্চামৃত ভোগ যেন ইচ্ছা দৰিদ্ৰৰ।
মই অজ্ঞানীৰো ভৈল সেই পটন্তৰ॥
জানি জ্ঞানীগণে নিন্দা নকৰিবা মোক।
মই মূৰুখৰ প্ৰতি প্ৰসন্ন হুয়োক॥
হৰিৰ চৰণ মনে শিৰোগত কৰি।
ৰচিবো ভাৰত পদ মতি অনুসৰি॥
ঘোৰ আশা কৰোঁ কিন্তু বিদ্যা বুদ্ধিহীন।
আদৰিবা জ্ঞানীজনে জানি অতি দীন॥
নীচ জনে বিকে যদি অমূল্য ৰতন।
তাক জানো ঘৃণা কৰে কোন মহাজন॥
হৰিৰ চৰিত্ৰ চয় মহাৰত্ন জানি।
মূঢ় বোল বুলি ঘৃণা নকৰিবা জ্ঞানী॥
শুনিয়োক সৰ্ব্বজন ভাৰতৰ পদ।
আত পৰে নাহি আউৰ ভৱৰ সম্পদ॥
হেন জানি শ্ৰৱণ কীৰ্ত্তন কৰা আক।
তেবেসে এড়াইবা ঘোৰ যম যাতনাক॥