পৃষ্ঠা:স্ত্ৰী-পৰ্ব্ব.djvu/১১৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৬
স্ত্ৰী-পৰ্ব্ব।

দুন্দুভি মৰিল প্ৰাণে,  মায়াৱন্ত হাৰি ৰণে,
 গহ্বৰত পশিলেক যায়।
অসুৰৰ দেখি ভঙ্গ, বালীৰ মনত খঙ্গ,
 বুলিলা বচন সুগ্ৰীৱক।
ইতো গহ্বৰৰ দ্বাৰ,  ৰাখিবা যতনে তুমি,
 যাৱে নাসো মাৰি অসুৰক॥
এহি বুলি বালীৰায়,  বিবৰে পশিলা যায়,
 তৈতে বৰিযেক পূৰ্ণ ভৈলা।
বালীক নাসিবে দেখি, সুগ্ৰীৱ জানিলা মনে,
 বালী দাদা নিশ্চয়ে মৰিলা॥
হেন মনে গুণি পাছে,  ঢাকিয়া সুৰঙ্গ দ্বাৰ,
 নগৰক লাগি চলি গৈলা।
অনন্তৰে ৰণ জিনি,  অসুৰক বধি পাছে,
 কতোকালে বালী আসি ভৈলা॥
পাত্ৰ মেলেকৰ সঙ্গে, সিংহাসনে বসি ৰঙ্গে,
 ৰাজ্য চৰ্চ্ছি আছন্ত সুগ্ৰীৱ।
দেখি তান কাৰ্য্য বালী, অতি কোপে গৈলা জ্বলি
 খড়গ ধৰি আগে ভৈলা থিৱ॥
হাওৰে পাপীষ্ঠ অজি,  তোক খাণ্ডা হানি কাটো,
 এহি বুলি সুগ্ৰীৱক ধাইলা।
সুগ্ৰীৱ ডৰিলা আতি,   আসনৰ হন্তে উঠি,
 প্ৰাণ ভয়ে লৱৰি পলাইলা॥