পৃষ্ঠা:স্ত্ৰী-পৰ্ব্ব.djvu/১১৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৫
নাৰী পৰ্ব্ব৷

ত্ৰিজগতে আছে যত, দেৱতা দানৱ যক্ষ,
 ৰাক্ষস গন্ধ দৈত্যগণ॥
নাগ নৰ আদি কৰি,  আপোন সোদৰ মাৰি,
 ৰাজ্য ভুঞ্জে বহু বহু জন॥
দেখা যত আছে নাগ,  গৰুড়ৰ ভাতৃ বুলি,
 জানে জগতত সৰ্ব্বজন।
তথাপি গৰুড়ে পাইলে,  ভাই বুলি নেৰে তাক,
 খেদি খেদি কৰয় ভক্ষণ॥
ৰাৱনৰ আছিলেক, বৈমাত্ৰেয় ভাতৃ বৰ,
 কুবেৰ নামত যক্ষেশ্বৰ।
তাক খেদাই তেতিক্ষণে,  লঙ্কা নগৰক লৈলা,
 দশস্কন্ধ ৰাজা ৰাক্ষসৰ॥
আৰু শুনি আছিা তুমি, বালী সুগ্ৰীৱৰ নাম,
 একে সহোদৰ দুয়ো ভাই।
এক প্ৰীতি কালবঞ্চে, কিষ্কন্ধা নগৰ ভুঞ্জে,
 দুই হান্তৰ সুখে কাল যাই॥
কতোকাল বহি গৈল,  দুভাইৰ কাল ভৈল,
 কহোতাক শুনা মন ৰঙ্গে।
মায়াবী দুন্দুভি নামে, আছিল অসুৰ দুই,
 মহাবীৰ ৰণত অভঙ্গে॥
একদিন দুইজন, বালীত মাগিল ৰণ,
 কৰিলা সমৰ বালীৰায়।