পৃষ্ঠা:স্ত্ৰী-পৰ্ব্ব.djvu/১১৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৪
স্ত্ৰী পৰ্ব্ব।

কাশ্যপ মুনিত জাত,  ভৈলা ইন্দ্ৰ নামে খ্যাত,
 আৰু তাতে বলীৰে জনম॥
পৃথিবীত ভৈলা ৰাজা, বলীদৈত্য মহাতেজা,
 স্বৰ্গে ভৈলা ইন্দ্ৰ অধিপতি।
পাছে বলী দৈত্যেশ্বৰ, দেখি পুৰী বাসৱৰ,
 নগৰ লৈবাক ভেল মতি॥
সমদলে সাজিলেক,  স্বৰ্গপুৰে পশিলেক,
 ইন্দ্ৰসমে বাজিল সমৰ।
কতোকাল ৰণ ভৈলা,  বাসৱক পৰাজিল,
 বলী লৈলা অমৰ নগৰ॥
বাসৱৰ সুখ নাহি,  দণ্ডে যুগ যাই বহি,
 ভ্ৰমে অতি নানা ক্লেশ ধৰি।
দেখি তান মাৱ পাছে, হৰিক আৰাধি আছে,
 কতো কালে তুষ্ট ভৈলা হৰি॥
বামন স্বৰূপ ধৰি, অদিতীত অৱতৰি,
 বলীক চলিলা নাৰায়ণ।
বুদ্ধিবলে পৰাজিলা,  পাতালত স্থান দিলা,
 ইন্দ্ৰে ৰাজ্য কৰিলা গ্ৰহণ॥
ভাই ভাই বিৰোধিলা,  দুইকো দুই পৰাজিলা,
 ছোৱা পূৰ্ব্বাপৰ হেন নীতি।
তুমি কেনে সি কথাক,  মনত দিছাহা ঠাই,
 সংশয় এড়িয়ো মহামতি॥