পৃষ্ঠা:স্ত্ৰী-পৰ্ব্ব.djvu/১১৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৩
নাৰী পৰ্ব্ব।

অন্ধকৰ বচন মানিবা যত্ন কৰি।
তেবে ধৰ্ম্ম লভিবাহা জানা নিষ্ঠ কৰি॥
যেন মতে নিজমাৰ কুন্তীক মানিবা।
ততোধিক গান্ধাৰীৰ চৰণ সেৱিবা॥
তেবেসে জানিবা বাপ সবাৰো কৈল্যান।
মোহোৰ বচন ভাই নকৰিবা আন॥
মোতে লাগি জ্ঞাতি বন্ধু সবে ভৈল হত।
ধৰি বোহোঁ ময়ো অবিলম্বে সেহি পথ।
এহি বুলি মৌন ভৈলা ধৰ্মৰ তনয়।
হেন দেখি বুলিলন্ত কৃষ্ণ কৃপাময়॥

⸻—⸻

ছবি।

শুনা মহাৰাজ ধৰ্ম্ম,   সমস্তে বিধিৰ কৰ্ম্ম,
  তাত অনুশোচ অকাৰণ।
তুমি মহা জ্ঞানী লোক,   মিছাতে কৰিছা শোক,
  বোলো যেন শুনিয়ো কাৰণ॥
কৰ্ম্মৰ লিখন যেন,   ভুঞ্জিবেক সৰ্ব্বজন,
  তাক এড়াইবাৰ নাহি শক্য।
হেন জানি এড়ি শোক,   নিজ ৰাজ্য পালিয়োক
 দৃঢ় মানি লোৱা মোৰ বাক্য॥
ভাতৃবধ পাপচয়,   মানিছা মনত ভয়,
  সিয়ো মিছা, স্বৰূপ কৰম।