পৃষ্ঠা:স্ত্ৰী-পৰ্ব্ব.djvu/১১০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০০
স্ত্ৰী পৰ্ব্ব

পাছে যুধিষ্ঠিৰক বুলিলা নাৰায়ণ।
শুনা মহাৰাজ তুমি মোহোৰ বচন॥
শূন্য হৈল ৰাজপাট হস্তিনা নগৰে।
তাকে লাগি যাইবে সাজু হুয়োক সত্বৰে॥
আজি বহুদিন ভৈল বনত ভ্ৰমন।
তোমাক নেদেখি দুঃখী যত প্ৰজাগণ॥
তুমি ৰাজা হৈলে সমস্তৰে ৰঙ্গ মন।
তোমাত আশায়ে আছে হস্তিনাৰ জন॥
অযোধ্যাৰ লোক যেন ৰামত ভকতি।
হস্তিনাৰো প্ৰজা তেনে তোমাতেসে ৰতি॥
হেন জানি অসন্তোষ এড়া মহাৰাজ।
আপোন নগৰে গৈয়া পালিয়োক ৰাজ॥
যদি দয়া স্নেহ আছে প্ৰজাত তোমাৰ।
ঝান্টে গৈয়া লৈয়োক হস্তিনা ৰাজ্য ভাৰ॥
শুনি যুধিষ্ঠিৰ হেন কৃষ্ণৰ বচন।
কৰযোৰে বুলিলন্ত শুনা নাৰায়ণ॥
নেযাওঁ‌ হস্তিনা মোক নকৰা আদেশ।
এই কুৰুক্ষেত্ৰে কৰিবোহোঁ‌ প্ৰাণ শেষ॥
দিবানিশি গান্ধাৰী কান্দিবে পুত্ৰ শোকে।
বিধবা ৰমনী সবে নিন্দিবেক মোকে॥
উত্তৰাদি আছে যত পতি হীনা নাৰী।
সদাই কান্দিব সবে স্বামীক সুমৰি॥