এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কৰ্ম্মযোগী স্তোত্ৰ।
ধৰ্ম্ম জ্ঞান কৰি কৰ্ম্ম কৰে সদা
ফলত আশক্তিহীন;
বিষয়ত থাকি বিষয়বিৰাগী
কৰ্ম্মযোগী সেহি জন।
কৰ্ম্মক নকৰি জ্ঞান লাভ কৰা
জানিবা অতি কঠিন;
সন্ন্যাসী মাত্ৰেই সিদ্ধিক নাপায়
কৰ্ম্মেসে ধৰ্ম্মৰ চিন।
জনকাদি কৰি ৰাজৰ্ষী সকলে
কৰ্ম্ম কৰি সিদ্ধি পাই;
লোককো ধৰ্ম্মত ৰাখিবৰ হেতু
কৰ্ম্ম বিনে গতি নাই।
জ্ঞানী বা অজ্ঞানী পশু পক্ষী নৰ
কৰ্ম্মশূন্য জীৱ নাই;
কৰ্ম্মত প্ৰবৃত্তি প্ৰকৃতিৰ গুণ
মোক্ষৰো কৰ্ম্ম উপায়।
কৰ্ম্ম ত্যাগ কৰি সন্ন্যাসীৰ বেশ
মনত ভোগৰ আশ;
সিতো মতিছন্ন কপট আচাৰি
নাচাপা তাহাৰ পাশ।