এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
স্তুতি-মালা ৷
ধৃতৰাষ্ট্ৰপুত্ৰ মানে ভীষ্ম দ্ৰোণ-সূত
অলেখ যোদ্ধাৰ নাই শেষ;
কৰাল-দশন-যুক্ত তোমাৰ মুখত
পৰি চূৰ্ণ হইছে অশেষ।
সকলো নদীৰ বেগ যেন মতে গই
সমুদ্ৰত হইছে নিঃশেষ;
জ্বলন্ত তোমাৰ মুখে বীৰগণ যত
সেহিদৰে কৰিছে প্ৰবেশ।
জ্বলন্ত অগ্নিত যেনে অতি বেগ ধৰি
পতঙ্গ নাশৰ হেতু আসে;
সেহিমতে বীৰগণে বিনাশৰ লাগি
প্ৰবেশ কৰিছে তযু মুখে।
জ্বলন্ত অনেক মুখে বহুমান লোক
ভক্ষণ কৰিছা বাৰে বাৰ;
তোমাৰ তেজতে বিষ্ণু সহস্ৰ জগৎ
উত্তাপিত হইছে অপাৰ।
কোৱা প্ৰভু তুমি কোন উগ্ৰ ৰূপ ধৰি
এনে কাৰ্য্য কিসৰ কাৰণ;
জানিবাক ইচ্ছা কৰোঁ অনাদি পুৰুষ
নিজৰূপে দিয়া দৰশন।
——o——