এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯
স্তুতিমালা
পিতা ধৰ্ম্ম পিতা স্বৰ্গ পিতায়েসে তপ
পিতৃ ভক্তি মুক্তিৰ কাৰণ;
পিতৃদেৱ তুষ্ট হলে তুষ্ট সৰ্ব্ব দেৱ
জানি পদে পশিলোঁ শৰণ।
———০———
মাতৃ স্তুতি৷
দয়াৰ জীৱন্ত মূৰ্ত্তি ত্যাগৰ প্ৰতিমা
পুত্ৰৰ আৰাধ্যা তুমি আই;
ঈশ্বৰী স্বৰূপা তুমি তুৱা পাৱ সেবি
জীৱন্ততে মোক্ষ পদ পাই।
—————
কৃষ্ণনাম স্তুতি৷
গোকুলৰ প্ৰাণ হৰি গোপীৰ বল্লভ।
গোতমীৰ প্ৰিয় প্ৰভু যোগীৰ সুলভ॥
নাৰায়ণ নৰবীৰ নিৰঞ্জৰ হৰি।
নৰসিংহ নাগনাথ কান্ত কাৰী॥
পীতাম্বৰ পদ্মনাভ পতিত পাবন।
পৰম পৱিত্ৰ শিব সত্য সনাতন॥
ৰঘুৰ নন্দন তুমি ৰাবনৰ অৰি।
নমস্কাৰ কৰোঁ প্ৰভু চৰণত পৰি॥