পৃষ্ঠা:সৌপ্তিক পৰ্ব্ব.djvu/২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
সৌপ্তিক পৰ্ব্ব।

পৰ্ব্বত সবক তাঙ্গে কৰি গদাঘাত।
বক হিড়িম্বক আদি কৰিলে নিপাত॥
হেনয় ভীমক মাৰে দ্ৰোণীৰ কি শক্তি।
এই বুলি দীৰ্ঘ শ্বাস পড়ে নৰপতি॥
বিষাদ ভাবিয়া কয় অশ্বত্থামা প্ৰতি।
বংশ নাশ কৰি তুমি কি কৰিলা গতি॥
কি কৰ্ম্ম কৰিলা তুমি দ্ৰোণৰ নন্দন।
দ্ৰৌপদীৰ পঞ্চপুত্ৰ এই পঞ্চ জন॥
শিশু সকলক বধি কি কাৰ্য্য সাধিলা।
কূৰুকুলে জল পিণ্ড দিবে নাৰাখিলা॥
পাণ্ডবে বধিবে কিবা আছয় শকতি।
যি সবৰ সখা হৰি কমলাৰ পতি॥
নিৰ্ব্বংশ কৰিলা তুমি ভাই পঞ্চজনে।
কুৰুকুলে বংশ নাশ হলে আজি ৰণে॥
এই বুলি মহা শোকে কান্দে বহুতৰ।
হৰ্ষ বিষাদত ৰাজা এৰে কলেবৰ॥
দেখিয়া ব্যাকুল হলে বীৰ তিনজন।
হাহাকাৰ কৰি বহু কৰিলে ৰোদন॥
দ্ৰৌণিক সম্বুধি কয় কৃপ মহামতি।
কি কৰ্ম্ম কৰিলা তুমি বধি কুৰুপতি॥