পৃষ্ঠা:সৌপ্তিক পৰ্ব্ব.djvu/১৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
সৌপ্তিক পৰ্ব্ব।
 
ছবি।

শুনা প্ৰভু দিগম্বৰ   বাঞ্ছা পূৰ্ণ কৰা হব
  মই দীনহীন অভাজন।
ক্ষমা কৰা দোষ যত   মই তব অনুগত
  নেজানোহো কৰিবে পূজন॥
আকাশ পাতাল জল   স্থাবৰ জঙ্গম স্থল
 দশ দিক অষ্ট কুলাচল।
ক্ষিতি অপ তেজঃ ব্যোম   পবন ভাস্কৰ সোম
  তব মূৰ্ত্তি বিশেষ সকল॥
কি কৈবোহো তব তত্ত্ব   তুমি ৰজঃ তুমি সত্ত্ব
  তমো গুণে কৰাহা সংহাৰ।
পৰিছো বিপদ মাঝে   এই মহা সিন্ধু মাঝে
  তুমি প্ৰভু কৰাহা উদ্ধাৰ॥
মই অতি অভাজন   হেৰা প্ৰভু ত্ৰিনয়ন
  লজ্জা ৰক্ষা কৰাঁ এইবাৰ।
ইত্যাদি অনেক ভাবে   দ্ৰোণি স্তুতি কৰে ভবে
  শুনি তুষ্ট হইলেক হৰ॥
সদয় হৈলেক হব   তাহাঙ্ক যাচয় বৰ
  যিবা ইচ্ছা দ্ৰোণৰ তনয়।