পৃষ্ঠা:সৌপ্তিক পৰ্ব্ব.djvu/১৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
সৌপ্তিক পৰ্ব্ব।

দাৰুণ মোহোৰ অস্ত্ৰ আপুনি গিলিলা।
মোৰ শৰ খাই তুমি ব্যাথাক নেপালা॥
কোন দেব হোৱা তুমি কোৱা মহাশয়।
অনুগ্ৰহ কৰি মোৰ খণ্ডোৱা সংশয়॥
এতেক বুলিলে যদি দ্ৰোণৰ নন্দন।
প্ৰবোধি হয় কথা দেব পঞ্চানন॥
নেজানাহা দ্ৰোণ পুত্ৰ মই কোনজন।
বিশ্বনাথ নাম মোৰ জানে জগজ্জন॥
এতেক শুনিয়া দ্ৰোণি কৰি যোড় হাত।
কয় কৃপা কৰি দ্বাৰ এৰা বিশ্বনাথ॥
ত্ৰিলোচন কয় ইটো কি মতে কৰিবো।
পাণ্ডৱৰ আজ্ঞা বিনা দ্বাৰক নেৰিবো॥
চিন্তান্বিত হলে দ্ৰোণি শুনিয়া বচন।
কি উপায় কৰো এবে ভাবে মনে মন॥
এইৰূপে দ্ৰোণি বহু চিন্তিত হৈলেক।
মনে গুণি শিব পূজা কৰিবে লৈলেক॥
মৃত্তিকাৰ শিব লিঙ্গ কৰিয়া ৰচন।
বিল্বপত্ৰ দিয়া কৰে শিৱক অৰ্চ্চন॥
পূজা অন্তে স্তব কৰে দ্ৰোণৰ নন্দন।
দেব ৰাম দ্বিজে কয় শুনা সৰ্ব্বজন॥