পৃষ্ঠা:সেউজীয়াৰ দৰে.pdf/৪২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

বিলাপ

নৈ খনৰ বিলাপত শুব পৰা নাই ৰাতি ৰাতি

উজাই নে ভটিয়াই
কঁকালৰ বান্ধ

বান্ধ সুলকি যেন ৰক্ত ক্ষৰণ

লেবেজান শোকাকুল
উপত্যকা

ক’তোৱেই নাই গৰখীয়া-মাছমৰীয়া
সুহৃদ বান্ধৱ বৈকুণ্ঠগামী

নৈ খনৰ বিলাপত শুব পৰা নাই ৰাতি ৰাতি

সেউজীয়াৰ দৰে / ৩৫