পৃষ্ঠা:সেউজীয়াৰ দৰে.pdf/৩৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

যন্ত্ৰণা

আঙুলিয়াই আছিলোঁ গোটেই ৰাতি
জোনটিলৈ

পুৱাৰাতি
নিয়ৰ এটোপাল হৈ গোপনে সৰিল

তেতিয়ালৈ
শিল হৈ পৰিছিল

মোৰ নিমাখিত আঙুলি

সেউজীয়াৰ দৰে / ৩২