পৃষ্ঠা:সেউজীয়াৰ দৰে.pdf/৩৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

মেঘ-চকুলো

ৰৌদ্ৰ কামনাত দগ্ধ গা- ভাৰি মেঘবোৰে
চকুলো টুকিছে দিনে-ৰাতি

অবুজ বেদনাত কেতিয়াবা শিলহৈ পৰে
চকুলো

আবি বাইৰ ঘৰৰ উৰুখা চালত গিজ গিজাই নামে
কলহৰ কাণ বাগৰি
বুকুৰ মেঠনি তিতে

পাৰ ভাঙি নিগৰা চকুলোই
শোক ঘন হৃদয় ধুই নিয়াৰ দৰে
বৰষুণ পৰি পৰি পাতলি যায় মেঘৰ আচ্ছাদন

ফৰকাল আকাশত আকৌ ৰ’দ
আকৌ মেঘৰ দামামা
এনেকৈয়ে নিগৰি নিগৰি জুম বান্ধে বুকুত
চকুলোৰ সৰোবৰ.........

সেউজীয়াৰ দৰে / ৩০