গছ পিতায়ে কৈছিল গছেই ঈশ্বৰ সেউজীয়াৰ ভিতৰৰ বতাহ জাকত দুলি থাকে আমাৰ জীৱন গছে বিয়পাই দিয়ে আকাশত ফুলৰ জোন মেঘৰ চকুপানী মাটিৰ সততাক চুমা খাই গছে আজীৱন মাটিক সাৱটি নৈৰ পাৰত ৰৈ থাকে অকলশৰে