৷৶৹
এই পুথিৰ প্ৰকাশিকা স্বৰ্গীয়া ৺যজ্ঞেশ্বৰী দেবী বেলতলাৰ
স্বৰ্গীয় ৰজা ৺চন্দ্ৰ নাৰায়ণদেৱৰ জীয়েক আছিল। তেওঁ কুমাৰী
অৱস্থাত যি সুখ আৰু আমোলত কাল কটাইছিল, স্বশ্ৰুকুলৰ
দৰিদ্ৰ অৱস্থাৰ বাবে, তেওঁ বিবাহিতা অৱস্থাত আৰু সেই সুখ
ভোগ কৰিব নাপাইছিল। তথাপি নিজৰ মহৎ চৰিত্ৰৰ গুণে
পাতিব্ৰত্য ধৰ্মকে সাৰ কৰি, ৰজাৰ জীয়েক হৈয়ো নিজে নানা
কষ্ট কৰি, তেওঁ গৃহাশ্ৰমধৰ্ম্ম পালন কৰিছিল আৰু স্বামীগৃহ সদায়
আনন্দ আৰু পবিত্ৰতাৰ কিৰণেৰে উজ্জ্বল কৰি ৰাখিছিল। পাচে
অকালতে পোন্ধৰ বছৰ বয়সত শ্বশ্ৰু আৰু পিতৃকুলক কন্দুৱাই
পুণ্যশীলা পতিব্ৰতাই সূতিকা ৰোগত প্ৰাণ ত্যাগ কৰে।
৺যজ্ঞেশ্বৰী দেবীৰ চৰিত্ৰ পতিভক্তি, দয়া, দাক্ষিণ্য আদি
সদ্ গুণবোৰেৰে ভূষিত আছিল। কিন্তু সকলোতকৈ ডাঙৰ
আছিল তেওঁৰ সন্তোষ। তেওঁ সকলো অৱস্থাতে সুখী আছিল;
আৰু সৰুকালতে নকৰা বন আদি কৰিও পতিগৃহত থাকি বৰ
সুখেৰে কাল কটাইছিল।
৺যজ্ঞেশ্বৰী দেবী ১২৯৯ চনৰ কাতি মাহত জন্ম গ্ৰহণ কৰে।
আৰু ১৩১২ চনৰ ২ৰা বহাগৰ দিনা এই প্ৰবন্ধৰ তলত নাম
দিওঁতাৰ লগত তেওঁৰ বিয়া হয়। তাৰ পাঁচ বছৰ ১৩১৩ চনৰ
জেঠত তেওঁৰ দ্বিতীয় বিবাহ কাৰ্য্য সমাধা হয়। আৰু ১৩১৪ চনৰ
আহিনত এটি পুত্ৰ সন্তান জন্ম দি ৰাতি দুটা বজাত স্বৰ্গ
ধামলৈ গতি কৰে। তেওঁৰ মৃত্যুৰ সময়ত তেওঁৰ পিতাক জীৱিত
আছিল; ১৩১৫ চনৰ ভাদ’ মাহত তেওঁৰ কাল হয়। ৺যজ্ঞেশ্বৰী
দেবীৰ মাতৃদেবী এতিয়াও জীৱিতা।
৺যজ্ঞেশ্বৰী দেবীয়ে মৃত্যুৰ সময়ত কিছুমান সঞ্চিত ধন এৰি থৈ