পৃষ্ঠা:সূতিকা পটল.djvu/৮৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭২
সূতিকা পটল ।

বোলে সবে তাম্বুলৰ চূর্ণে দাঁত খাই।
পূর্ব্ব দুৰ্গুণৰ পক্ষে বােধাবােধ নাই॥

⸺⸺

শিশুৰ ৰক্ষাৰ যত্ন।

গ্রীষ্ম কালে বহু বস্ত্রে শিশু নাঢাকিব।
শুৱাবাৰ কালে ৰাত্রে এক বস্ত্র দিব॥
বিনা বস্ত্রে শুৱাইলে কফ কাশ হয়।
পেটে পীড়া হইবাৰ তাত আছে ভয়॥
যদি কফ কাশ উদৰৰ পীড়া হয়।
লােমজ বা গাঢ় বস্ত্রে * ঢাকিবে লাগয়॥
শিশুৰ আবাস গৃহ লাগে পৰিষ্কাৰ।
আৰো ৰাখিবেক তাত খিড়কীৰ দ্বাৰ॥
দিবসৰ ভাগে মুক্ত ৰাখিব দুৱাৰ ।
বন্ধনত দুৰ্গুণ কহিলোঁ সাৰে সাৰ॥
বিশুদ্ধ বাতাসে গৃহ শােধন কৰিব।
তেবে শিশু সি দোষে ৰােগত নপড়িব॥
ৰজনীৰ আগমনে দুৱাৰ বাঁধিব।
কিন্তু অল্প বতাসক প্রবেশিব দিব॥
বালকৰ শয্যা হয় গৃহৰ যি ভাগে।
সি কক্ষাৰ† দ্বাৰ সব বাঁধিবাক লাগে॥
বিপৰীত কক্ষাৰ খিড়কী দ্বাৰ যত।
নির্ভয়ে ৰাখিব মুক্ত সদা দিবসত॥

⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺

  • লোমজ বা গাঢ়বস্ত্ৰে—লোম থকা গৰম কাপােৰ (যেনে ফ্ল্যানেল) বা ডাঠ কপাহী কাপোৰেৰে।

† কক্ষা—কক্ষ বা পুলি। শােৱাঁ কুঠৰী।