পৃষ্ঠা:সূতিকা পটল.djvu/৮৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭১
সূতিকা পটল ।

আলনিৱাৰ দুৰ্গুণ।

এড়িৰ ভিতৰ বহু অবস্তুক ভৰি।
ওঝাগণে দেয় বাঁধি আলনিৱা কৰি॥
গল ভৰা এড়ি সুতা ভিজি পচি যাই।
তাৰ দুৰ্গন্ধত বালকৰ ৰক্ষানাই॥
সুকুমাৰ কুমাৰো কুৎসিত হই যায়।
কোলে লই স্নেহ কৰিবাক সাধ্য নাই॥
ইংৰাজৰ শিশু দেখি আছা যত যত।
আলনিয়া নাই দেখা এটীৰ গাৱত॥
বিশেষতঃ ফুৰে আলি বাটে ঘাটে লই।
তাসম্বাৰ গাৱে আলনিয়া আছে কই॥
ভূত প্ৰেতে কিবা ভয় কৰে তাসম্বাক।
সি সকলে শুনে নাকি ইংৰাজৰ হাক॥
পালনৰ সুনিয়মে ৰাখিছে কুশলে।
ঔষধ খুৱায় কদাচিত ৰোগ হলে॥
আকে নুবুঝিয়া সবে হৈলোঁ হীন বল।
অজ্ঞানতা দুৰ্গুণৰ অধীনতা ফল॥

⸺⸺

মিষ্টবস্তুদিয়া বেয়া।

এড়িলোঁ সি সব দুঃখ উপদেশ শুন।
মিষ্ট ফলে মিষ্ট দ্ৰব্যে কৰয় দুৰ্গুণ॥
শিশুৰ উদৰ পীড়াজন্মে সাৰে সাৰ।
ভবিষ্যতে দাঁতৰো দুৰ্গুণ হয় আৰ॥